জানি থোৱা ভাল…কিছুমান সামাজিক কু-সংস্কাৰ ফেচবুক-হোৱাটচএপৰ যুগত বাদ দিবৰ হ'ল

জানি থোৱা ভাল…

১/ ভাৰতত বেছিভাগ সৰ্প দংশনৰ ফলত হোৱা মৃত্যুৰ মূল কাৰণ ভয় ; বিষ নহয় ।
২/ বিষাক্ত সাপে দংশন কৰিলে ক্ষতস্থানত সাধাৰণতে দুটা দাঁত : আৰু অ-বিষাক্ত সাপে দংশন কৰিলে ক্ষত স্থানত চাৰিটা :: দাঁতৰ চিন দেখিবলৈ পোৱা যায় ।
৩/ গোৱলা এবিধ ভয়ানক বিষাক্তসাপ । আমাৰ সমাজত এই সাপ বিধকলৈ প্ৰচলিত জনবিশ্বাস যেনে : দুটা মুৰ, ই গাখীৰ খাই আদি কথা বিলাক অন্ধ বিশ্বাস ।
৪/ ফেটি সাপৰ বিষে স্নায়ু তন্ত্ৰত প্ৰভাৱ পেলাই শ্বাস-প্ৰশ্বাস ৰুদ্ধ কৰে। কব্ৰক্সিন আৰু নাইলক্সিন আদি কিছুমান বিষৰ ঔষধ চকৰী ফেটিৰ বিষৰ পৰা বনোৱা হয়।আনহাতে, বাকৰাজৰ বিষে শৰীৰৰ তেজ চেকুৰা মৰায় ।
৫/ সাপৰ দংশনত দিয়া এন্টিভেনম বেজি ঘোৰাৰ দেহ বিষাক্ত কৰি তাৰ তেজৰ পৰা তৈয়াৰ কৰা হয় ।
৬/ সাপে বায়ুত থকা কিছুমান বিষাক্ত গেছ সেৱন কৰি প্ৰাণী কুলৰ উপকাৰ সাধন কৰে ।
৭/  সাপৰ দৃষ্টি শক্তি বৰ দূৰ্বল হোৱাৰ লগতে সাপৰ শ্ৰৱন যন্ত্ৰৰ পৰ্দা নাই ।
৮/ কিছুমান মানুহে অন্ধবিশ্বাসৰ বলিহৈসৰ্প নিধন কৰা ফলত পৰিৱেশৰ প্ৰচুৰ ক্ষতিসাধন হয়। এনে কিছুমান সামাজিক কু-সংস্কাৰ ফেচবুক-হোৱাটচএপৰ যুগত বাদ দিবৰ হ'ল ।
৯/ সাপে দংশন কৰিলে বেজৰ কথাত ভোলগৈ দংশিত ব্যক্তিজনক মৃত্যুৰ মুখলৈ নেঠেলিব। তেওঁক উত্তেজিত হবলৈ নিদি শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ নিয়ক । মনত ৰখাভাল যে ফেটি সাপৰ দংশনৰ পাছত এজন ৰোগীক বচাবলৈ হাতত সময় থাকে মাত্ৰ দুঘন্টাৰ পৰা তিনি ঘন্টা ।

***এন্টিভেনম: এক জীৱন ৰক্ষাকাৰী মহৌষধ....সৰ্প দংশনৰ চিকিৎসাত একমাত্ৰ জীৱন ৰক্ষাকাৰী দৰব হিচাবে ব্যৱহাৰ কৰা বিজ্ঞান সন্মত পদ্ধতিটোৱেই হ'ল এন্টিভেনম বেজী । কিন্তু এইএন্টিভেনম কি অথবা ইয়াক কেনেদৰে প্ৰস্তুত কৰাহয় ?

সাপৰ বিষৰ একমাত্ৰ চিকিৎসা অৰ্থাৎ এন্টিভেনমৰ কথাৰ প্ৰসংগত যাৰ নাম প্ৰথমেই ল’ব লাগিব তেওঁ হ'ল ফ্ৰান্সৰ জীৱবিজ্ঞানী এলবাৰ্ট কেলমেট । যিজন বিজ্ঞানীয়ে লুইচ পাস্তুৰৰ এন্টিভেনমৰ উন্নীতকৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল । এই এন্টিভেনম প্ৰস্তুতকৰাৰ বাবে জংঘলৰ সাপ বা সাপৰ ফাৰ্মৰ পৰা বিষধৰ সাপৰ বিষ সংগ্ৰহ কৰা হয়। সাপৰ বিষসংগ্ৰহ কৰা এটি অতি বিপদজনক কাম।সাপৰ বিষ সাধাৰণতে এটি পাত্ৰৰ মুখত প্লাষ্টিকৰ দ্বাৰা বন্ধ কৰি লৈ তাত সাপৰ দাঁত সুমুৱাই দি সংগ্ৰহ কৰা হয় । এনেদৰে সংগ্ৰহ কৰা বিষ মাইনাছ ২০ ডিগ্ৰিছেলছিয়াছ তাপমাত্ৰাত ৰাখিলে সাপৰ বিষৰ পৰা জলীয় অংশ খিনি বেলেগহৈ সাপৰ বিষ মিহি পাউডাৰলৈ ৰূপান্তৰিত হয় । এটা সাপৰ পৰা খুবেই কম পৰিমানৰ এনে পাউডাৰ পোৱা যায় । সেয়ে সাপৰ বিষৰ পৰা আহৰণ কৰা পাউদাৰ সোণতকৈও দামী এক অমূল্য প্ৰাকৃতিক সম্পদ । বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে সৰ্প দংশনত ঘোঁৰাৰ মৃত্যুপ্ৰায় নহয়েই। ইয়াৰ কাৰণ হিচাবে তেওঁলোকে গম পালে যে ঘোঁৰাৰ দেহত সাপৰ বিষ প্ৰতিৰোধ কৰাৰ একবিশেষ ক্ষমতা আছে । সেইবাবে বিজ্ঞানীসকলে ইতিমধ্যে সংগ্ৰহ কৰি থোৱা সাপৰ বিষ ইনজেকশ্বনৰ মাধ্যমত ঘোঁৰাৰ ধমনীত প্ৰয়োগ কৰে । এই বিষৰ প্ৰতিক্ৰিয়াৰ ফলত ঘোঁৰাটোৰ দেহত লাহে লাহে এন্টিভেনম উৎপাদন হোৱা আৰাম্ভ হৈ যায় । প্ৰায় ৩ দিন মান ঘোঁৰাটো অসুস্থ অৱস্থাত থাকে যদিও ৩ দিনৰ পিছত ঘোঁৰাটো সম্পূৰ্ণভাৱে সুস্থ হৈ উঠে । এতিয়া ঘোঁৰাটোৰ দেহৰ পৰা কিছু তেজ উলিয়াই লৈ তাৰ ৰঙা অংশ খিনি আঁতৰ কৰা হয় । তেজৰ বগা অংশখিনি অৰ্থাৎ মেট্ৰিক্সৰ পৰা ঘোঁৰাৰ দেহত সৃষ্টি হোৱা এন্টিভেনম খিনি সংগ্ৰহ কৰা হয় । ইয়াৰ পিছত এই এন্টিভেনমৰ বিশুদ্ধিকৰণ কৰি ইয়াৰ পৰা প্ৰস্তুত কৰা হয় সৰ্প দংশনৰ একমাত্র জীৱনৰক্ষাকাৰী ঔষধএন্টিভেনম ৷ সংগ্ৰহ আৰু শ্বেয়াৰ কৰক, জানিবলগীয়া কথাবোৰ আনকো জনাওঁক ।। ( Copied ..... )

Comments

Popular Posts

₹ 8,44,982 crore of amount exchanged/deposited from November 10, 2016 to November 27, 2016

Anytime: New messaging app by Amazon

Circumstances that compel a diligent employee to leave his most favorite job

What is Domain ?

Engagement of Library Professionals on short term contract basis in the Office of Union Public Service Commission-reg.