তেতিয়া অগ্নিদগ্ধ অৱস্থাত বাই চিঞৰি চিঞৰি কৈছিল

https://www.facebook.com/balubhadra.medhi/posts/192026421336043
Facebook link
মৰিগাঁও জিলাৰ আমকটা গাৱৰ এটা ঘটনায় তোলপাৰ লগাইছে ফেচবুকত শ্বেয়াৰ কৰাৰ পাচত । বিশেষকৈ বলোভদ্ৰ মেধী নামৰ এগৰাকী যুৱকে তেওঁৰ বায়েক ভনিতা মেধী দাসক স্বামী আৰু সাহুৱেকে গাত কেৰাচিন তেল ধালি জ্বলাই হত্যা কৰাৰ অভিযোগ আৰু পিছত জিলাখনৰ জাগীৰোড আৰক্ষীৰ নিষ্ক্ৰিয়তাকলৈ কৰা অভিযোগক কেন্দ্ৰ কৰি ।

যুৱক গৰাকীয়ে এনেদৰে লিখিছে "যোৱা ১৭ জুলাইৰ নিশা মোলৈ ফোন কল যোগে জনোৱা হৈছিল যে আমকটা (মৰিগাঁও) নিবাসী ''মন্টু দাস '' লৈ বিয়া দিয়া মোৰ বাইদেউ "ভনিতা মেধী দাস"ক গাত কেৰাচিন তেল

Facebook link
ঢালি জুই জ্বলাই দিয়া হৈছে । মই অতি কম সময়ৰ ভিতৰত সেই ঠাই পাইছিলো তেতিয়া অগ্নিদগ্ধ অৱস্থাত বাই চিঞৰি চিঞৰি কৈছিল যে স্বামী (মন্টু দাস) আৰু শাহুৱেকে (কনকলতা দাসে) তাইক জুই লগাই দিছিল । ডাউন টাউন নাৰ্চিং হোমত ভৰ্তি কৰা হৈছিল যদিও বাই ডেৰ বছৰীয়া পুত্ৰ সন্তানটোক এৰি মৃত্যুক আকোৱালি ললে । যিহেতু আমকটা "জাগীৰোড" থানাৰ অন্তৰ্গত গতিকে মই জাগীৰোড থানাত এজাহাৰ দিছিলো। ২ দিন পাৰ হৈ যোৱাৰ পাছতো কোনো আইনী ব্যৱস্থা হাতত নোলোৱাত মই মহিলা সংগঠনৰ কাষ চাপিছিলো আৰু তেওঁলোকে ২বাৰ কৈ প্ৰতিবাদী কাৰ্য্যসূচী লোৱাতহে আৰক্ষীয়ে মন্টু দাসক গ্ৰেপ্তাৰ কৰিছিল যদিও পলাতক কনকলতা দাসক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা পালন কৰিছে। মই আপোনালোকক অনুৰোধ কৰিছো যে এই প'ষ্ট টো শ্বেযাৰ কৰক যাতে জাগীৰোড আৰক্ষীয়ে কনকলতা দাসক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় আৰু দোষীষে কেনেধৰণৰ শাস্তি পালে বাইদেউৰ আত্মাই শান্তি পাব কমেন্ট যোগে জনাব।"





Comments

Popular Posts

Kailash Manasarovar Yatra (KMY)'s Last Date for Registration is 15th March 2017

SSC rescheduled it's JE Examination-2016 (Paper-I)

Sri Amarnath Cave

Google Tez : digital payment service

New Dzire sedan