সাপে দংশন কৰিলে কি কৰিব ? কি নকৰিব !


১/ সাপে দংশন কৰা মানুজনক মানসিক ভাবে সবল কৰি ৰাখিবলৈ চেষ্টা কৰক।
২/ কটা-চিঙা নকৰিব।
৩/ বিষ উলিয়াবলৈ মুখেৰে দংশন কৰা অংশ নুচুপিব।
৪/ খোজ কাঢ়িবলৈ বা দৌৰিবলৈ নিদিব, এনে কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি হব।
৫/ বেজ বা গাঁৱলীয়া চিকিৎসা কৰিবলৈ নাযাব, বিষাক্ত সাপে দংশন কৰাৰ পাছত মানুহজনৰ হাতত বেছি সময় নাথাকে, গতিকে সময় নষ্ট নকৰি তৎক্ষণাত চিকিৎসালয় যাব। হাস্পতালত এন্টিভেনম নাথাকিলেও, চিকিৎসকে আপোনাক জনাব পাৰিব এন্টিভেনম কত পোৱা যায়।
৬/ ৰচী-তাঁৰ আদিয়ে নাবান্ধিব।
৭/ হাতত আঙুঠি-খাৰু থাকিলে খুলি দিব।
৮/ সাপে কামোৰা ঠাই টুকুৰা নুধুব, এনে কৰিলে হেঁচা খাই দেহৰ ৰক্ত সঞ্চালন বৃদ্ধি হব পাৰে। লগতে আপোনাৰ অমূল্য সময় নষ্ট হব পাৰে।

বিষাক্ত দংশনঃ
১/ দংশন কৰা ঠাই টুকুৰা লগে লগে দৃষ্টিগোচৰ নহব পাৰে।২/ কামোৰা ঠাই টুকুৰাৰ পৰা ৰক্তক্ষৰণ অসহ্য বিষ।
৩/ মূৰৰ বিষ হোৱা, পেটৰ বিষ হোৱা, খাদ্য গিলাত অসুবিধা।
৪/চকুৰ পতা ওলমি যোৱা অথবা ভালকৈ দৃষ্টিগোচৰ নোহোৱা।

কৃতজ্ঞতা স্বীকাৰঃ  

Comments

Popular Posts

The information from this website should not be used for any other purpose than intended

Advertisement for the Post of MANAGING DIRECTOR, APGCL & AEGCL, ASSAM

E-tender for Installation of 13179 Nos. of 300Wp Solar Home Power Packs & 4184 Nos. of 40Wp Solar Street Lights at Arunachal Pradesh

Students Educational Loan: First of its kind portal

Jio Triple Cashback Offer

Chief Ministers of Assam

Working Foreign Banks in India (Part I)